সমূহ ৰাইজকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগতে এটি নতুন দিনলৈ স্বাগতম জনাইছোঁ ৷
স্বাস্থ্য আৰু মনক সুস্থ কৰি ৰখাৰ অন্যতম শক্তিশালী কৌশলেই হৈছে শৰীৰচৰ্চা তথা ব্যায়াম এই কথা সকলোৰে জ্ঞাত ৷ নিজৰ শৰীৰ তথা জীৱনটোৰ প্ৰতি দায়বদ্ধ প্ৰতিজন লোকেই নিতৌ শৰীৰচৰ্চা কৰাটো অত্যন্ত প্ৰয়োজন। সুস্থ শৰীৰ, সুস্থ মনৰ এটি জীৱনৰ বাবে শৰীৰচৰ্চা তথা ব্যায়াম দৈনিক ৰুটিনৰ অংশ হোৱাটো অত্যন্ত জৰুৰী।
মইও প্ৰাতঃভ্ৰমণ, যোগাসন তথা বাইচাইকেল চলাই প্ৰাথমিক পৰ্যায়ৰ শৰীৰচৰ্চা খিনিৰে নিতৌ নিজকে সুস্থ ৰখাৰ প্ৰয়াস কৰি আহিছোঁ ৷ আজিও ইয়াৰ মাজেৰেই দিনটোৰ ব্যস্ততাৰ বাবে সাঁজু হৈছোঁ ৷
আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক ৷ 