আপোনালোকে মন কৰিছে যে, আজি মই শৰীৰচৰ্চা কৰা ফটো দিয়া নাই

#সুপ্ৰভাতঃ

সমূহ ৰাইজক শ্ৰদ্ধাভৰা সেৱা জনাইছোঁ ৷

আপোনালোকে মন কৰিছে যে, আজি মই শৰীৰচৰ্চা কৰা ফটো দিয়া নাই ৷ কাৰণ, বহুলোকে মোৰ পোষ্টৰ তলত কমেন্ট কৰে যে নিজে শৰীৰচৰ্চা কৰি থাকক আনক দেখুৱাব কিয় লাগে ৷ তেখেতসকলৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই আজি মোৰ ফটো দিয়াৰ পৰা বিৰত থাকিলো ৷

May be a black-and-white image

মই বহুদিনৰ পৰাই নিজক সুস্থ ৰখাৰ বাবে শৰীৰচৰ্চা কৰি আহিছোঁ ৷ ৰাইজৰ লগতে দলৰ কাৰ্যকৰ্তা সকলক উৎসাহিত কৰিবলৈ তথা কিছু সজাগতা সৃষ্টিৰে সকলোকে সুস্বাস্থ্যৰ অধিকাৰী কৰাৰ স্বাৰ্থত প্ৰতিদিনেই সামাজিক মাধ্যম যোগে ইয়াৰ প্ৰচাৰ কৰি আহিছোঁ ৷

এতিয়া আপোনালোকে জনাওক যে মই ফটো অথবা লিখাখিনি দিম নে নিদিম ৷ আপোনালোকে সিদ্ধান্ত লওঁক আৰু কমেন্ট বক্সত মোক জনাওক ৷ আপোনালোকৰ মন্তব্যই মোক উৎসাহিত কৰাৰ লগতে অনাগত দিনত মোৰ এই সুপ্ৰভাত পোষ্টটো দিয়া নিদিয়াৰ ওপৰত নিৰ্ভৰ কৰিব ৷

ধন্যবাদ 🙏