শ্ৰদ্ধাৰ ৰাইজক নমস্কাৰ জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

শ্ৰদ্ধাৰ ৰাইজক নমস্কাৰ জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

কালি মই সুপ্ৰভাতত ফটো আৰু লিখনি দিয়া নিদিয়াৰ ওপৰত ৰাইজৰ মতামত বিচাৰি এটা পোষ্ট দিছিলো ৷ ১ হাজাৰতকৈও অধিক কমেন্ট মই দেখা পালোঁ ৷ প্ৰায় ২ ঘন্টা ধৰি মই বহুখিনি কমেন্ট পঢ়িছো যদিও সকলোখিনি পঢ়িব পৰা নাই সময়ৰ অভাৱত ৷May be an image of 1 person, standing, tree and outdoors

সৰহ সংখ্যক ৰাইজৰ মতামতৰ পৰা জানিব পাৰিলো যে মোৰ এই স্বাস্থ্য সজাগতা মূলক পোষ্টটোৰ পৰা বহু ৰাইজ উপকৃত হৈছে ৷ বহুলোকে মোক অনুসৰণ কৰি সুস্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈছে ৷ এই কথাই মোক অতিকৈ আপ্লুত কৰিছে যে, মই দিয়া ফটোসমূহে আপোনালোকক খোজকঢ়া, যোগাসন ইত্যাদি ব্যায়াম সমূহ কৰাত উৎসাহিত কৰিছে আৰু প্ৰেৰণা যোগাইছে ৷ গতিকে, সেইসকল ব্যক্তিৰ মতামতৰ প্ৰতি সন্মান জনাই আজিৰ পৰা মই পুনৰ এই স্বাস্থ্য সজাগতা মূলক লিখনি আৰু ফটো প্ৰতিদিনে দিয়াৰ সিদ্ধান্ত লৈছোঁ ৷May be an image of 1 person, standing, tree and outdoors

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷ 🙏