দেশভক্ত তৰুণৰাম ফুকন দেৱৰ মৃত্যুবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
তেখেতৰ দেশভক্তি, কৰ্মপ্ৰেৰণা আৰু সাহসী-সংগ্ৰামী জীৱন গাঁথা আমাৰ সকলোৰে বাবে সাহস আৰু প্ৰেৰণাৰ অন্যতম সোপান স্বৰূপ ৷
উল্লেখ্য যে অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ পৰা দেশভক্ত তৰুণৰাম ফুকন দেৱৰ মৃত্যু তিথিক ৰাজ্য চৰকাৰে “দেশভক্তি দিৱস” হিচাপে পালন কৰি মহান সংগ্ৰামী গৰাকীক স্মৰণ কৰিব।