সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷
বিটিআৰৰ নিৰ্বাচনৰ পিছত, মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে কোকৰাঝাৰলৈ আহিছোঁ ৷ বিটিআৰৰ নিৰ্বাচনৰ সময়ত ৰাজ্যিক সভাপতি হিচাবে আহিছিলোঁ আৰু এইবাৰ অসম চৰকাৰৰ এজন মন্ত্ৰী হিচাবে আহি কালিৰ পৰা এতিয়ালৈকে বহু কাৰ্যকৰ্তাক লগ পোৱাৰ পিছত তেওঁলোক যেনেদৰে সুখী হৈছে, ঠিক সেইদৰে মইও সুখ অনুভৱ কৰিছোঁ ৷ কাৰ্যকৰ্তা সকলক লগ পালে মোৰ মনটো সদায় আনন্দৰে ভৰি উঠে ৷ সেইকাৰণে আজি কাৰ্যকৰ্তা সকলক লগত লৈ প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰিছোঁ৷ পূৰ্বতেও বহুবাৰ তেওঁলোকৰ লগত মই পুৱা খোজ কাঢ়িছিলো আৰু আজিও আগৰ দৰেই পুৱা খোজকাঢ়ি নথৈ তৃপ্তি অনুভৱ কৰিছোঁ ৷
আজি প্ৰথমবাৰৰ বাবে বিটিআৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত ‘জলজীৱন মিছন’ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হ’ব ৷ এই আলোচনা ঐতিহাসিক, কিয়নো বিটিআৰত এই বিষয়ে আগতে কোনো ধৰণৰ সভা অনুষ্ঠিত হোৱা নাছিল ৷ সমগ্ৰ বিটিআৰৰ বিষয়াসকলক লৈ এইখনেই হৈছে প্ৰথম সভা ৷ মই ভাবো, ২০২৪ চনৰ জলজীৱন মিছনৰ যি সফলতাৰ যাত্ৰা, সেই যাত্ৰাই আজিৰ সভাৰ পৰাই এক পূৰ্ণাঙ্গ ৰূপ পাব ৷
আজিৰ এই সভাখনত বিটিআৰৰ ওদালগুৰি জিলা, চিৰাং জিলা, বাক্সা জিলা আৰু কোকৰাঝাৰ জিলাৰ বিভাগীয় বিষয়াসকলো উপস্থিত থাকিব ৷