বিটিআৰৰ প্ৰতিজন নাগৰিকে যাতে অতি কম দিনৰ ভিতৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হয় তাৰবাবে মোৰ বিশেষ দৃষ্টি থাকিব ৷

বিটিআৰৰ কোকৰাঝাৰ জিলাত ‘জলজীৱন মিছন’ৰ গুৰুত্বপূৰ্ণ সভা

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ. আব্বাছী, মুখ্য অভিযন্তা বিশ্বদ্বীপ দাস, EM নিতুল স্বৰ্গীয়াৰী, জিলা কাৰ্যবাহী অভিযন্তা সকলৰ উপস্থিতিত কোকৰাঝাৰ জিলাত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ‘জলজীৱন মিছন’ৰ এখনি সভা সম্বোধন কৰোঁ ৷ এই সভাত বিটিআৰৰ ওদালগুৰি, চিৰাং, বাক্সা আৰু কোকৰাঝাৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ ভিতৰত প্ৰতি ঘৰে ঘৰে একোটাকৈ বিশুদ্ধ খোৱা পানীৰ যোগান আঁচনি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তাৰ পৰিপ্ৰেক্ষিততে বিটিআৰত এই আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰাৰ হেতু আমি সকলোৱে আজিৰ সভাত মিলিত হওঁ ৷

সভাত, বিটিআৰৰ আটাইকেইখন জিলাতে ‘জলজীৱন আঁচনি’ খন যাতে সঠিক ৰূপত ৰূপায়ণ হয় তাৰবাবে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰোঁ ৷ বিটিআৰৰ প্ৰতিজন নাগৰিকে যাতে অতি কম দিনৰ ভিতৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হয় তাৰবাবে মোৰ বিশেষ দৃষ্টি থাকিব ৷