‘জল জীৱন মিছন’ ৰ অধীনত কামৰূপ জিলাৰ ১৩৩৬৭ টা পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ যোগান
আজি জল জীৱন মিছনৰ অধীনত কামৰূপ জিলাৰ ১৩৩৬৭ পৰিয়াললৈ নলযোগে পানীযোগান ব্যৱস্থাৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰোঁ ।
অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে আয়োজন কৰা এই উদ্বোধনী অনুষ্ঠানত প্ৰকল্পটিৰ উদ্বোধন কৰি ১৩৩৬৭ টা পৰিয়াললৈ উৎসৰ্গা কৰোঁ৷ এতিয়াৰে পৰা পৰিয়ালসমূহে সু-ব্যৱস্থাৰ মাজেৰে বিশুদ্ধ খোৱা পানী লাভ কৰিব ।
এই সমগ্ৰ ব্যৱস্থা সুন্দৰকৈ ৰূপায়ণ কৰাৰ বাবে বিভাগীয় বিষয়া-অভিযন্তা আৰু কৰ্মচাৰী সকলক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ ।
উক্ত অনুষ্ঠানত মোৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপ জিলাৰ উপায়ুক্ত সহিতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা তথা বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ।