মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা 🙏

আজি জলজীৱন মিছনৰ প্ৰকল্প সমূহৰ শুভ উদ্বোধনৰ অন্তত এই মাহৰ যি সফলতা লাভ কৰিলো তাৰবাবে মই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই মিছনৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলৰ ১ লাখ ২৫ হাজাৰ পৰিয়ালৰ গৃহত বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত যি সফলতা আমি লাভ কৰিলোঁ, তাৰ অন্তৰালত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ উদ্যােগ আৰু উৎসাহমূলক পৰামৰ্শৰ ভূমিকা আছিল অপৰিসীম।May be an image of 4 people, people standing and indoor

ইয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জলজীৱন মিছনৰ সমূহ অভিযন্তা, বিষয়া আৰু কৰ্মচাৰীকো মোৰ সহৃদয় কৃতজ্ঞতা জনাইছোঁ। তেখেত সকলৰ সক্ৰিয় সহযোগিতা আৰু নিষ্ঠাৰে ভৰা সেৱাৰ বলত আমি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। উল্লেখ্য যে, আমি মিছনৰ অধীনত চলিত মাহত ৯০ হাজাৰ পৰিয়ালক বিশুদ্ধ পানী যোগানৰ লক্ষ্য বান্ধি লৈছিলোঁ যদিও সকলোৰে ঐকান্তিক প্ৰচেষ্টাত আমি আজি ১ লাখ ২৫ হাজাৰ ঘৰক এই আঁচনিৰ দ্বাৰা সামৰি ল’বলৈ সক্ষম হৈছোঁ।

এই সফলতাত বিশেষ সহযোগেৰে আমাক উপকৃত কৰা অসম চৰকাৰৰ সমূহ মন্ত্ৰী, বিধায়ক সহিতে স্বায়ত্ব শাসিত পৰিষদৰ সমূহৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য সকল আৰু MCLA সকলক আন্তৰিক কৃতজ্ঞতা জনালোঁ।