বৰপেটাৰ পৰা সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷

বৰপেটাৰ পৰা সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷

#সুপ্ৰভাতঃ

আপোনালোকক আনন্দ সহকাৰে জনাইছোঁ যে, আমি অসমে পুনৰ ৮ লাখ ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত পকীঘৰ পাবলৈ সক্ষম হৈছোঁ ৷ এই ঘৰসমূহ যিহেতু দুখীয়া মানুহৰ বাবে আৱন্টন হৈছে আৰু এই ঘৰসমূহৰ তালিকা ২০১১ চনতেই প্ৰস্তুত কৰা হৈছিলে, গতিকে এই ঘৰসমূহ নতুনকৈ দিয়া হ’ব বুলি বিভিন্ন মানুহৰ মাজত যি অপপ্ৰচাৰ চলি আছে তাত আপোনালোক পতিয়ান নাযাব ৷ আছলতে, ঘৰ পাবলগীয়া ব্যক্তিৰ নাম ২০১১ চনৰ ৱেইট লিষ্টত আছেই, গতিকে সেইসকলক প্ৰদান কৰাৰ পিছতহে পুনৰ আমি আগন্তুক দিনত নতুনকৈ ঘৰ দিয়াৰ ব্যৱস্থা কৰিম ৷

এই সন্দৰ্ভে বুজ লোৱাৰ উদ্দেশ্যে আজি বৰপেটা জিলাত উপস্থিত হৈছোঁ ৷ আশা ৰাখিছো, এই প্ৰধানমন্ত্ৰী গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কোনেও যাতে কাৰো পৰা একো নলয় আৰু কোনেও যাতে কাকো একো নিদিয়ে তাৰবাবে মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ ৷May be an image of 5 people, people standing and outdoors

উল্লেখযোগ্য যে, যিসকল লোকে ইতিমধ্যেই নিজে পকী ঘৰ নিৰ্মাণ কৰিছে সেইসকলৰ নাম ২০১১ চনৰ তালিকাত থাকিলেও এতিয়া তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ পৰিব ৷

আপোনালোক সকলোৰে আজি দিনটো শুভ হওঁক, মঙ্গলময় হওঁক ৷ 🙏