অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষীৰ বীৰ জোৱান নজমুল হুছেইনৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন
যোৱা কিছুদিন পূৰ্বে অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা অসম আৰক্ষীৰ বীৰ জোৱান নজমুল হুছেইনৰ বৰপেটা জিলাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷ অসম আৰক্ষীৰ জোৱান হিচাবে ৰাজ্যৰ সেৱাত ব্ৰতী হৈ থকা নজমুল হুছেইনৰ আকস্মিক মৃত্যুৱে সমগ্ৰ ৰাজ্যবাসীৰ লগতে মোকো শোকাহত কৰিছে।
বীৰ জোৱান গৰাকীক হেৰুৱাই দুখত ম্ৰিয়মান হৈ পৰা তেখেতৰ পৰিয়ালৰ সদস্য সকলৰ দুখৰ সমভাগী হওঁ । আশা কৰিছোঁ, ঈশ্বৰে বীৰ জোৱান গৰাকীৰ পৰিয়ালৰ সদস্য সকলক এনে শোকাকুল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ধৈৰ্য্য আৰু সাহস প্ৰদান কৰক।
শেষত, তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক তাকে কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷
৷৷ ঔঁ শান্তি ৷৷