জ্যেষ্ঠ অধিবক্তা, সুদক্ষ অভিনেতা, হাউলী ৰাস সমিতিৰ আইনী উপদেষ্টা, বিশিষ্ট সমাজকৰ্মী, বৰপেটা জিলাৰ নিবাসী দীপক দাস ডাঙৰীয়াৰ বিয়োগত মৰ্মাহত হৈছোঁ।

জ্যেষ্ঠ অধিবক্তা, সুদক্ষ অভিনেতা, হাউলী ৰাস সমিতিৰ আইনী উপদেষ্টা, বিশিষ্ট সমাজকৰ্মী, বৰপেটা জিলাৰ নিবাসী দীপক দাস ডাঙৰীয়াৰ বিয়োগত মৰ্মাহত হৈছোঁ।

ঐতিহাসিক অসম আন্দোলনৰ সময়খিনিত বহুবাৰ কাৰাবাস খটাৰ লগতে আন্দোলনৰ নেতৃত্ব বহন কৰা সকলক তেখেতে আইনী পৰামৰ্শ প্ৰদান কৰি প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে আন্দোলনৰ প্ৰতি নিজৰ অৱদান আগবঢ়াই গৈছিল। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত পুষ্পাৰ্ঘ্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ।May be an image of one or more people and outdoors

হাউলী অঞ্চলৰ সামগ্ৰীক উত্তৰণৰ বাবে সদায় অহোপুৰুষাৰ্থ কৰা দাস ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

৷৷ ঔঁ শান্তি ৷৷