সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷
নবীনৰ প্ৰতি মৰম আৰু প্ৰবীণৰ প্ৰতি শ্ৰদ্ধা
মই ৰাজ্যিক সভাপতি হৈ থাকোঁতে এই কথাষাৰ সঘনাই কৈ আহিছিলোঁ সকলোকে যে প্ৰবীণ কাৰ্যকৰ্তা সকলক শ্ৰদ্ধা দিব লাগে আৰু নবীন কাৰ্যকৰ্তা সকলক মৰমেৰে আকোঁৱালি ল’ব লাগে ৷ সেয়েহে মই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ ৷ তেখেতে এই নীতি সাৰোগত কৰি দুগৰাকীকৈ প্ৰবীণ কাৰ্যকৰ্তা অৰ্থাৎ মাননীয় প্ৰাক্তন ৰাজ্যিক সভাপতিদ্বয় ৰাজেন গোহাঁই ডাঙৰীয়া আৰু ৰমেন ডেকা ডাঙৰীয়া দুয়োগৰাকীকে কেবিনেট মৰ্য্যাদা সম্পন্ন দায়িত্ব দি প্ৰবীণ কাৰ্যকৰ্তাৰ প্ৰতি যি শ্ৰদ্ধা আগবঢ়ালে, তাৰকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ ৷
আজিৰ দিনটো আপোনালোকে সকলোৰে শুভ হওঁক, মঙ্গলময় হওঁক ৷ 