অসমবাসী ৰাইজক পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ বহুদিন বিৰতিৰ পিছত আজি নতুন দিল্লীত প্ৰাতঃভ্ৰমণ কৰি উৎসাহিত হৈছো আৰু মনত যথেষ্ট সতেজতা লাভ কৰিছোঁ ৷
দুদিনীয়া ভ্ৰমণ সূচীৰে নতুন দিল্লীলৈ আহি অসমৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বহুকেইটা কাৰ্য সম্পাদন কৰোঁ ৷ এই সন্দৰ্ভত আজিও বিশেষ আলোচনাত মিলিত হ’ম ৷
অহা কাইলৈ অৰ্থাৎ ৭ আগষ্ট, ২০২১ তাৰিখে মধ্যপ্ৰদেশত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ অধীনত আয়োজন হ’বলগীয়া ‘অন্ন উৎসৱ’ত উপস্থিত থাকিম ৷
আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক ৷ 