অসমৰ প্ৰথমগৰাকী জ্ঞানপীঠ বঁটাৰে সন্মানিত ব্যক্তি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ স্মৃতিদিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

শিক্ষা এৰি ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়তাৰে জড়িত হৈ পৰা ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱ অসমীয়া সাহিত্য ক্ষেত্ৰৰ নক্ষত্ৰ স্বৰূপ। জীৱনজুৰি সমাজবাদী আদৰ্শৰে দুখীয়া লোকসকলৰ স্বাৰ্থত কলম হাতত লোৱা একাধাৰে গল্পকাৰ, ঔপন্যাসিক, কবি নিবন্ধকাৰ তথা সাংবাদিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰতিটো প্ৰজন্মৰ হৃদয়ত সজীৱ হৈ আছে আৰু থাকিব।