“ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস” উপলক্ষে অসমৰ সমূহ শিপিনীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

“ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস” উপলক্ষে অসমৰ সমূহ শিপিনীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ হস্ততাঁত বয়ন শিল্পই ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ উত্তৰণৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। অতীজৰে পৰা অসমৰ জনজীৱনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত বয়ন শিল্পৰ দ্বাৰা আজিৰ মহিলাসকলে নিজ স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিছে।May be an image of 1 person and text

অসমৰ শিপিনী সকলৰ আত্মনিৰ্ভৰশীলতাৰ কাহিনীয়ে আমাক উৎসাহিত কৰি আহিছে। আজিৰ এই শুভক্ষণত আপোনালোকক এনে এগৰাকী স্ব-নিৰ্ভৰশীল শিপিনীৰ উদাহৰণ দিবলৈ বিচাৰিছোঁ ৷ গোলাঘাট জিলাৰ গমাৰগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰতনপুৰ পঞ্চায়তৰ আকাশীগংগা গ্ৰাম্য সংগঠনৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্যা শ্ৰীমতী তিলোত্তমা বৰাই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত বিগত বৰ্ষৰ পৰা জেকাৰ্ড মেছিনসহ তাঁত শালত গামোচা বোৱাৰ লগতে সেই গামোচা সমূহ বিক্ৰী কৰি নিজ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰাৰ লগতে তেওঁ আন একাংশ নাৰীৰ বাবে আদৰ্শ হৈ পৰিছে। মাহেকত এটি উল্লেখযোগ্য আয় লাভ কৰাৰ উপৰিও তিলোত্তমা বৰাই তাঁত শালৰ পৰাই নিজ সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰিছে।

“আত্মনিৰ্ভৰ অসম” ৰ এক অন্যতম নিৰ্ভৰশীল বাট হওক “হস্ততাঁত শিল্প”।