আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ নেতৃত্বত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ অধীনত দুখীয়াৰ ৰাইজক ৰেচন বিতৰণৰ বাবে অনুষ্ঠিত ‘অন্ন উৎসৱ’ত উপস্থিত থাকি আহ্লাদিত হৈছোঁ ৷ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰ্চুৱেলি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে তেখেতে অন্ন উৎসৱ ভাগিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানটিত প্ৰতিখন ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীসকলৰ লগতে প্ৰদেশখনৰ মন্ত্ৰী সকল আৰু বিধায়ক সকল উপস্থিত থাকে ৷
আজিৰ এই অন্ন উৎসৱত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা’ৰ অধীনত প্ৰদেশখনৰ ২৫,৪৩৫ খন সুলভ মূল্যৰ দোকানৰ হিতাধিকাৰীক ১০ কেজি ক্ষমতাৰ এটি মোনাত ৰেচন প্ৰদান কৰা হৈছে ৷ উল্লেখ্য যে, এই আঁচনিৰ যোগেদি দুখীয়া পৰিয়াল সমূহক অতিৰিক্ত ৫ কেজি চাউল অথবা ঘেঁহু প্ৰদান কৰা হৈছে আৰু আগন্তুক দীপাৱলীলৈকে এই ৰেচন প্ৰদান কৰা হ’ব ৷
উৎসৱ মুখৰ পৰিৱেশৰ মাজত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকি মই যথেষ্ট আনন্দিত হৈছোঁ আৰু অনুষ্ঠানৰ শেষত ৰেচনৰ বেগ ৰাইজৰ হাতত নিজেই তুলি দি এক অনন্য অভিজ্ঞতা লাভ কৰিলোঁ ৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ এই মহৎ প্ৰচেষ্টাক শলাগ লৈছোঁ আৰু ক’ভিডৰ এই দুৰ্যোগৰ সময়ত দুখীয়া ৰাইজৰ সুবিধাৰ্থে মুকলি কৰি দিয়া এই আঁচনি খনৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷