আজি মধ্যপ্ৰদেশৰ মগু দাইল ক্ৰয় কেন্দ্ৰ এটা পৰিদৰ্শন কৰি এক অনন্য অভিজ্ঞতা লাভ কৰিলোঁ ৷
এই পৰিদৰ্শন কালত দেখা পালোঁ ইয়াৰ খেতিয়ক সকলে নুন্যতম সমৰ্থিত মূল্যত (MSP) এই মগু দাইল বিক্ৰী কৰিছে ৷ উল্লেখযোগ্য যে, দেশৰ ভিতৰতে সৰ্বাধিক মগু দাইল ইয়াতে উৎপাদন হয় ৷
সেয়েহে, মধ্যপ্ৰদেশ চৰকাৰে নিজাববীয়াকৈ মগু ক্ৰয় কেন্দ্ৰ স্থাপন কৰি ৭,১০০ টকাকৈ নুন্যতম সমৰ্থিত মূল্য আগবঢ়াইছে ৷ ইয়াৰ কৃষক সকলৰ সৈতে বাৰ্তালাপ কৰি মোৰ যথেষ্ট ভাল লাগিল ৷