‘অন্ন উৎসৱ’ৰ সফল সমাপ্তিৰ পিছত মধ্যপ্ৰদেশৰ সন্মানীয় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ আৱাস গৃহত পাঁচখন ৰাজ্যৰ মন্ত্ৰীসকল আৰু প্ৰতিনিধিসকলৰ উপস্থিতিত এক সৌহাৰ্দমূলক বৈঠকত মিলিত হওঁ ৷
এই বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদেশখনে কিদৰে ক’ভিডৰ এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ সৈতে যুঁজ দি বৰ্তমান এক সুস্থিৰ পৰিৱেশ ঘূৰাই আনিছে সেইবিষয়ে আমাক অৱগত কৰে ৷
তেওঁলোকৰ সুপৰিকল্পিত কৰ্মপন্থাৰ বিষয়ে জানিব পাৰি আমি সকলোৱে অনুপ্ৰাণিত হোৱাৰ লগতে তেখেত সকলৰ স্নেহভৰা আতিথ্যত আপ্লুত হ’লো ৷