‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ অধীনত অসমত ২ কোটি ৫১ লাখতকৈ অধিক হিতাধিকাৰীয়ে পাইছে ৫ কেজিকৈ অতিৰিক্ত চাউল
আপোনালোক সকলোকে পুৱাৰ সম্ভাষণ জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অসমৰ এ.এ.ৱাই. কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ ৰ অধীনত ৫ কিলো অতিৰিক্ত চাউল বিনামূলীয়াকৈ লাভ কৰি আহিছে ৷
অসমত এই অতিৰিক্ত ৫ কিলো চাউল লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হৈছে সৰ্বমুঠ ২ কোটি ৫১ লাখ ১৬ হাজাৰ ৯৮৯ জন ৷ আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, হিতাধিকাৰী সকলে এই আঁচনিৰ অধীনৰ বিনামূলীয়া অতিৰিক্ত চাউল অহা দীপাৱলীকৈ লাভ কৰিব ৷
মহামাৰী ক’ৰোণাৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা দুৰ্যোগপূৰ্ণ পৰিস্থিতিত দুখীয়া লোকসকলে যাতে এমুঠি অন্ন প্ৰাপ্তিৰে কিছু সকাহ লাভ কৰে তাৰবাবে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ দুখীয়া লোক সকলক যথেষ্ট উপকৃত কৰিছে ৷ এই মহানুভৱতাৰ বাবে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷