আপোনালোক সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু এটি সফল দিনৰ কামনা কৰিছোঁ ৷

আপোনালোক সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু এটি সফল দিনৰ কামনা কৰিছোঁ ৷

আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে, অসম বিধানসভা অধিবেশনৰ আজি প্ৰশ্নোত্তৰ শিতানত মোৰ বিভাগসমূহ ক্ৰমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ আৰু সচিবালয় প্ৰশাসন বিভাগক কেন্দ্ৰ কৰি সন্মানীয় বিধায়ক সকলে উত্থাপন কৰা বহু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মই উত্তৰ প্ৰদান কৰিম। ৰাতিপুৱা ৯.৪৫ বজাৰ পৰা ১০.৩০ বজালৈকে এই প্ৰশ্নোত্তৰ শিতান চলিব ৷ যোৱা কেইবাৰৰ দৰে এইবাৰো মই সকলোবোৰ প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ প্ৰয়াস কৰিম ৷May be an image of 1 person, standing and indoor

বিধানসভা অধিবেশনৰ প্ৰশ্নোত্তৰ শিতান মোৰ ফেচবুক পেজত Live সম্প্ৰচাৰ কৰা হ’ব ৷ গতিকে, শ্ৰদ্ধাৰ ৰাইজে মোৰ বিভাগ সমূহৰ বিভিন্ন কৰ্মৰাজীৰ বিষয়ে জানিবলৈ উক্ত সময়ত Live ত সংযুক্ত হ’বলৈ বিনম্ৰ অনুৰোধ জনালোঁ ৷

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ আৰু মঙ্গলময় হওঁক। 🙏