আপোনালোক সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু এটি সুন্দৰ তথা সফল দিনৰ কামনা কৰিছোঁ ৷
যোৱা কিছুদিনৰ পৰা নতুন ৰেচন কাৰ্ড সন্দৰ্ভত বহু ৰাইজৰ কমেন্ট মোৰ পৰিলক্ষিত হৈছে ৷ সেয়েহে, তেওঁলোকৰ লগতে বাকী ৰাইজৰ জ্ঞাতাৰ্থে আজি কিছু কথা অৱগত কৰিবলৈ লৈছোঁ ৷
অসমত বৰ্তমান বলবৎ হৈ থকা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত BPL কাৰ্ড হিচাবে কোনো ধৰণৰ কাৰ্ড প্ৰদান কৰা নহয় ৷ তাৰ বিপৰীতে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত AAY আৰু PHH (অগ্ৰাধিকাৰ ভিত্তিত) হিচাবে দুইধৰণৰ কাৰ্ড প্ৰদান কৰা হয় ৷ এই দুইধৰণৰ কাৰ্ড প্ৰাপ্ত লোকসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় ১(এক) লাখ টকাতকৈ কম হোৱাটো বাঞ্চনীয় ৷ নিৰ্দিষ্ট বাছনি সমিতিৰ জৰিয়তে বাছনি কৰি খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো যোগ্য হিতাধিকাৰীকে সামৰি লোৱা হৈছে ৷ তথাপিও যদি কোনো জিলা/মহকুমাত যোগ্য লোক ৰেচন কাৰ্ড পোৱাৰ পৰা বঞ্চিত হৈছে তেন্তে সংশ্লিষ্ট জিলা/মহকুমা কৰ্তৃপক্ষই হিতাধিকাৰী তালিকা পুনৰীক্ষণ কৰি অযোগ্য ব্যক্তিৰ কাৰ্ড বাতিল কৰি যোগ্য দুখীয়া লোকক অন্তৰ্ভূক্ত কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰি থকা হৈছে ৷ ই এক অবিৰত প্ৰক্ৰিয়া ৷ এই প্ৰক্ৰিয়া বৰ্তমান সমগ্ৰ ৰাজ্যত চলি আছে ৷
ইয়াৰোপৰি, আপোনালোকক জনাওঁ যে খাদ্য সামগ্ৰী আৱন্টন হোৱা পৰিমাণতকৈ কমকৈ বিতৰণ কৰাৰ অভিযোগ পালে সংশ্লিষ্ট জিলা/মহকুমা কৰ্তৃপক্ষই অভিযুক্ত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি অভিযোগৰ সত্যাসত্য নিৰূপণ কৰে আৰু অভিযোগ সত্য বুলি প্ৰমাণ হ’লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ এইক্ষেত্ৰত গ্ৰাহকৰ সজাগতা আৰু সচেতনতা নিতান্তই প্ৰয়োজন ৷