*অসম পঞ্চায়ত আইন খনৰ কিছু দফা ৰাইজৰ জ্ঞাতাৰ্থে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিলোঁ অনুগ্ৰহ কৰি সকলোৱে পঢ়ি চাব ৷ এই কথাখিনিত যদি কাৰোবাৰ দ্বিমত থাকে তেতিয়াহ’লে আপোনালোকক মহামান্য ন্যায়ালয়ৰ কাষ চাপিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ ৷ তাৰবাবে হ’বলগীয়া যাৱতীয় সকলো খৰচ পাতি মই নিজেই বহন কৰাৰ দায়িত্ব ল’লো ৷*
অসম পঞ্চায়ত আইন, ১৯৯৪ আৰু ২০০২ ৰ অধীনত গাঁও পঞ্চায়ত সমূহে কেনেধৰণৰ কৰ কাটল তুলিব পাৰে সেইবিষয়ে আপোনালোকক আজি কিছু কথা অৱগত কৰিবলৈ লৈছোঁ ৷
এখন পঞ্চায়তে বছৰি আৰোপ কৰিব পৰা বিভিন্ন প্ৰকাৰৰ কৰ সমূহ –
১) গৰাকী অথবা দখলকাৰীয়ে, ক্ষেত্ৰ বিশেষে যিটোৱে প্ৰযোজ্য হয়, ব্যৱসায়ৰ বাহিৰে আন কামত ব্যৱহৃত ইটা অথবা পকী অট্টালিকাৰ বাবে বছৰি আদায় দিবলগীয়া কৰ ১৫০/- টকা
২) গৰাকী অথবা দখলকাৰীয়ে, ক্ষেত্ৰ বিশেষে যিটোৱে প্ৰযোজ্য হয়, ব্যৱসায়ত ব্যৱহৃত ইটা অথবা পকী অট্টালিকাৰ বাবে বছৰি ২৫০/- টকা অতিক্ৰম নকৰা নিৰিখত আদায় দিবলগীয়া
৩) গৰাকী অথবা দখলকাৰীয়ে, ক্ষেত্ৰ বিশেষে যিটোৱে প্ৰযোজ্য হয়, ব্যৱসায়ৰ বাহিৰে আন কামত ব্যৱহৃত টিনপাতৰ অসম আৰ্হিৰ ঘৰৰ বাবদ বছৰি দিবলগীয়া ৫০/- টকা
৪) গৰাকী অথবা দখলকাৰীয়ে, ক্ষেত্ৰ বিশেষে যিটোৱে প্ৰযোজ্য হয়, বোকা মাটিৰ বেৰ আৰু ঘৰ ছোৱা খেৰৰ ঘৰৰ বাবে বছৰি আদায় দিবলগীয়া ১০/- টকা
পৰৱৰ্তী সময়ত আপোনালোকক এই বিষয়ে আৰু কিছু কথা অৱগত কৰিম ।