সৎ গগৈ লৈ বুলি একলম …

সৎ গগৈ লৈ বুলি একলম …

May be an image of text that says "সৎ গগে লৈ বুলি একলম... ...বাইজক বিপথে পবিচালিত কবিবলে আপ্রাণ চেষ্টা চলাই থকা মোব পবিলক্ষিত হেছে..."

আপুনি বিধানসভাৰ মজিয়াত মোক সোধা প্ৰশ্নৰ মই যথাযথ উত্তৰ তথ্য সহ আপোনাক দিছোঁ ৷ মই জানো যে সেইখিনি আপুনি কাকো অৱগত নকৰে ৷ সেয়েহে, এইবিষয়ে আপোনাৰ শুভাকাংক্ষী আৰু পথ প্ৰদৰ্শক সকলৰ জ্ঞাতাৰ্থে সামাজিক মাধ্যম যোগে অৱগত কৰাটো উচিত বুলি ভাবিলো ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত পঞ্চায়ত সমূহে বিভিন্ন উৎসৰ পৰা কৰ সংগ্ৰহ কৰাৰ বিষয়ে মই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম যোগে ৰাইজক অৱগত কৰিছিলোঁ ৷ সেই কথাখিনিক একাংশই ৰাইজৰ মাজত ভুলকৈ প্ৰচাৰ কৰি থকা দেখা পালোঁ ৷ এইক্ষেত্ৰত সৎ গগৈৰ শুভাকাংক্ষী আৰু পথ প্ৰদৰ্শক সকলৰ ভূমিকা উল্লেখনীয় তেওঁলোকে মই ব্যস্ত থকাৰ সুযোগ লৈ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই থকা মোৰ পৰিলক্ষিত হৈছে ৷

সেয়েহে, মোৰ কথাখিনিৰ ভিত্তি স্বৰূপে অসম পঞ্চায়ত আইন ১৯৯৪ আৰু ২০০২ ৰ নিয়মাৱলীখনৰ কিছু অংশ সকলোৱে বুজিব পৰাকৈ এই পোষ্টটোৰ লগত সংলগ্ন কৰি দিছোঁ ৷ ইয়াৰ পিছতো যদি আপোনালোকে ভুল বাৰ্তা প্ৰচাৰ কৰি থাকে তেতিয়াহ’লে মোৰ আৰু বিশেষ ক’বলগীয়া নাই ৷ 🙏