‘গো সুৰক্ষা আইন’ খন গৃহীত হোৱাত মনত প্ৰশান্তি লাভ কৰিছোঁ
মই ১৯৯১ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত আছিলো যদিও মনৰ প্ৰশান্তি লাভ কৰা নাছিলোঁ, কিন্তু আজি বিধান সভাৰ মজিয়াত এই ‘গো সুৰক্ষা বিধেয়ক’ খন ‘গো সুৰক্ষা আইন’লৈ ৰূপান্তৰ হোৱাত মই মানসিক প্ৰশান্তি পাইছোঁ ৷
এই বিধেয়ক খনক আইনলৈ পৰিগণিত কৰাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ইউপিপিএল দলৰ সন্মানীয় মন্ত্ৰী তথা বিধায়ক সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷
তেখেতসকলৰ সহায়-সহযোগিতাৰ বলতেই এই যি প্ৰশান্তিৰ অনুভৱ সেইয়া লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷