মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই আৰ্থিক ভাৱে স্বচ্ছল লোক সকলক অন্ন সুৰক্ষা কাৰ্ড পৰিহাৰ কৰিবলৈ আহ্বান জনাইছিলোঁ আৰু ইয়াৰ ব্যাপক সঁহাৰি জনাই যোৱা ১২ আগষ্ট, ২০২১ তাৰিখলৈকে মুঠ ৪,৫৯৫ জন ব্যক্তিয়ে তেওঁলোকৰ অন্ন সুৰক্ষা কাৰ্ডখন পৰিহাৰ কৰিছে ৷
যাৰ ফলস্বৰূপে নতুনকৈ ৪,৫৯৫ জন দুখীয়া ব্যক্তিয়ে আগন্তুক দিনত এমুঠি অন্ন লাভ কৰিবলৈ সক্ষম হ’ব ৷
যিসকল সদাশয় ব্যক্তিয়ে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এনেদৰে তেওঁলোকৰ অন্ন সুৰক্ষা কাৰ্ডখন প্ৰশাসনক জমা দিছে, সেইসকল ব্যক্তিলৈ মই হিয়াভৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ ৷ আহক, আমি সকলোৱে এই যাত্ৰাৰে আগুৱাই যাওঁ ৷