“যি কালি আছিল
সি আজি নাই
যি আজি আছে
সি কাইলৈ নাথাকিব
থকা-নথকাৰ ক্ৰম
একেদৰেই চলি থাকিব,
আমি আছোঁ, আমি থাকিম
এই ভ্ৰমো চিৰদিন থাকিব।”
– কবিঃ অটল বিহাৰী বাজপেয়ী
আজি ধুবুৰীত হোৱা প্ৰবল বৰষুণৰ বাবে বাহিৰলৈ নগৈ আৱৰ্ত ভৱনৰ ভিতৰতে প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
আজি দিনটোৰ কাৰ্যসূচী হিচাবে জিলাখনৰ ঐতিহ্যমণ্ডিত বি.এন. মহাবিদ্যালয়ৰ ৭৫ তম প্ৰতিষ্ঠা দিৱসত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিম ৷
আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক ৷