আজি স্মৃতিদিৱসত মহান ৰাষ্ট্ৰনেতা গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি একাঁজলি শ্ৰদ্ধাঞ্জলি যাচিছোঁ ৷

সৰ্বকালৰ জনপ্ৰিয় নেতা, দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী, “ভাৰতৰত্ন” অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শ আৰু চিন্তাধাৰাই আমাক সদায় দেশসেৱা কৰি যাবলৈ

নিৰৱচ্ছিন্নভাৱে প্ৰেৰণা যোগাই আহিছে।

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ বাবে সকলোতকৈও শ্ৰদ্ধাৰ ব্যক্তি আছিল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ৷ দেশৰ ৰাজনীতিৰ অন্যতম পথিকৃৎ গৰাকী মোৰ বাবে সদায় অন্যতম প্ৰেৰণা আৰু সাহসৰ অমল সোপান।May be an image of 7 people and people standing

প্ৰিয় ব্যক্তি তথা সৰ্বজন প্ৰিয় নেতা গৰাকীৰ বিয়োগৰ পিছত তেখেতৰ অস্থি মই দিল্লীৰ পৰা অসমী আইৰ বুকুলৈ অনাৰ পৰম সৌভাগ্য ঘটিছিল ৷ মহান আত্মা গৰাকীৰ পবিত্ৰ অস্থি অসমী আইৰ বুকুলৈ কঢ়িয়াই অনাৰ সেই ক্ষণে বাৰুকৈয়ে মোক প্ৰভাৱিত কৰি ৰখাৰ সমান্তৰাল ভাৱে ২০১৮ চনৰ সেই বিশেষ দিনটো স্মৃতিয়ে আজিও মোৰ দুচকু সেমেকাই তোলে। তেখেতৰ অনুপস্থিতিৰ সেই দুখভৰা সময়খিনিয়ে বাৰে বাৰে আমনি কৰে। তেখেতৰ প্ৰমূল্যবোধ, ব্যক্তিত্বই সদায় দহৰ দৰে মোকো আকৰ্ষিত কৰাৰ লগতে তেখেতৰ আদৰ্শই প্ৰতিসময়তে অনুপ্ৰাণিত কৰে।

আজি স্মৃতিদিৱসত মহান ৰাষ্ট্ৰনেতা গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি একাঁজলি শ্ৰদ্ধাঞ্জলি যাচিছোঁ ৷