‘কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ) ৰ জৰিয়তে বহু দৰিদ্ৰ পৰিয়ালে বৰ্তমান এক সহজসাধ্য তথা সুখী জীৱন অতিবাহিত কৰিছে ৷ এই আঁচনিৰ সন্দৰ্ভত আজি কিছু তথ্য আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ৷
ক) ২০১১ চনৰ পৰা ২০১৬ চনৰ October মাহলৈ প্রধানমন্ত্রী আৱাস যোজনা – গ্রামীণ আঁচনি খন কাৰ্য্যক্ষম হোৱা নাছিল। প্রধানমন্ত্রী আৱাস যোজনা- গ্রামীণ ২০১৬ চনৰ নৱেম্বৰ মাহত মুকলি কৰা হৈছিল আৰু বৰ্তমানলৈকে মুঠ ৭,২১,৯৮৩ টা গৃহ অনুমোদন কৰা হৈছে।
খ) ২০১১ চনত তালিকাভুক্ত হোৱা স্বত্বেও বর্তমানলৈকে অনুমোদিত নোহোৱা গৃহৰ মুঠ সংখ্যা হৈছে ৫৪,৬৬৩ টা। যদিও অবিৰত ভাৱে অনুমোদন দি থকা হৈছে।
(গ) ২০১১ চনতে প্রস্তুত কৰা তালিকাখনত চৰকাৰে প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীৰ তালিকা আর্থ-সামাজিক জাতিপিয়ল, ২০১১ (এছইচিচি)ৰ তথ্যৰ ভিত্তিত বনোৱা হৈছে আৰু উক্ত তালিকাৰ পৰা কিছু হিতাধিকাৰী বাদ পৰা দেখা যায় যদিও বাদ পৰি যোৱা তথা যোগ্য হিতাধিকাৰী সকলৰ এখন অতিৰিক্ত তালিকা প্রস্তুত কৰি থকা হৈছে।
(ঘ) এই তালিকাখন শুদ্ধ ৰূপত প্রস্তুত আৰু প্রকৃত গৃহহীন লোকক আৱাস প্রদান কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখন দায়বদ্ধ।
(ঙ) ২০১১ চনৰ তালিকামতে গৃহ আবণ্টন শেষ হলে নতুনকৈ দুখীয়া লোকক প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ স্থায়ী অপেক্ষা তালিকাত আর্থ-সামাজিক জাতিপিয়ল, ২০১১ (এছইচিচি)ৰ তথ্য থকা গৃহ নির্মাণ সম্পূর্ণ হোৱাৰ পিছত, কেঁচা গৃহৰ সংশোধিত সংজ্ঞাৰ পৰা আন ১১,৬০,৩৩৫ টা গৃহ (এছইচিচি, ২০১১) আৰু অতিৰিক্ত তালিকাৰ পৰা ২৩,৯৪,৮০৯ টা গৃহ কর্তৃত্বশীল কর্তৃপক্ষৰ দ্বাৰা প্রমাণীকৰণৰ পিছত যোগ্যতাৰ বাবে বিবেচনা কৰা হ’ব পাৰে।