#GoodMorning পুৱাৰ নিৰ্মল বতাহজাকৰ সান্নিধ্য লৈ প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

পুৱাৰ নিৰ্মল বতাহজাকৰ সান্নিধ্য লৈ প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

আগন্তুক দিনত আমাৰ নিত্য নৈমিত্তিক জীৱনত প্ৰত্যেক গৰাকী ভাৰতীয়ৰ বাবে আধাৰ কাৰ্ড নিশ্চিত ভাৱে প্ৰয়োজন হ’ব। আধাৰ কাৰ্ড অবিহনে আমাৰ জীৱন স্বাভাৱিক ৰূপত আগুৱাই নিব নোৱাৰিম। যি সকলে এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই তেখেত সকলক অনতিপলমে আধাৰ কাৰ্ড বনাই সংযুক্ত হ’বলৈ মই কৰযোৰে আহ্বান জনাইছোঁ।

উল্লেখ্য যে, আমাৰ অসমত ৬৭ শতাংশ লোকে আধাৰ কাৰ্ড বনাইছে। কিন্তু ৬৭ শতাংশ লোকে আধাৰ কাৰ্ড বনালেও এই কাৰ্ড সমূহ আমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সুলভ মূল্যৰ দোকানীৰ লগত সংযুক্ত কৰিব লাগিব। কিন্তু এতিয়ালৈ কেৱল ২১ শতাংশ মানুহহে সংযুক্ত হৈছে। গতিকে এতিয়ালৈ যি সকল লোকে আধাৰ কাৰ্ড বনাইছে তেখেত সকলে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক অথবা নিজৰ নিজৰ সুলভ মূল্যৰ দোকানীৰ সৈতে লগলাগি নিজৰ আধাৰ কাৰ্ড আমাৰ অন্ন সুৰক্ষাৰ লগত বা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগত সংযুক্ত কৰিবলৈ অনুৰোধ জনালোঁ।