#Goodmorning জল জীৱন মিছনৰ ১০০ দিনৰ সাফল্য

জল জীৱন মিছনৰ ১০০ দিনৰ সাফল্য

‘জল জীৱন মিছন’ৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ অগ্ৰগতি তথা সাফল্যৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ৷May be an image of 1 person and text that says "100 A FOROSTCELOE জল জীবন মিছনব ১০০ দিনব সাফল্য বাজ্যত বিগত ১০০ দিনত ৩,৪২,১৫১ টা নল পানী যোগানৰ সংযোগ"

অসমৰ বিভিন্ন গ্ৰামাঞ্চলত বিগত ১০০ দিনত ৩,৪২,১৫১ টা নল পানী যােগানৰ সংযোগ দিয়া হৈছে। ইয়াৰোপৰি, চাহ বাগিছাসমূহৰ প্ৰতিটো পৰিয়াললৈ নল পানী যােগানৰ সংযোগ দিয়াৰ বাবে কাম আৰম্ভ কৰা হৈছে । আগষ্ট মাহতো অসমৰ বিভিন্ন গ্ৰামাঞ্চলত ১,৫০,০০০ কৈ অধিক পানীৰ সংযোগৰ ব্যৱস্থা কৰা হৈছে আৰু ৩১ আগষ্ট তাৰিখে সেই সংযোগ সমূহ ৰাইজৰ বাবে মুকলি কৰা হব ।

আগন্তুক দিনত অধিক ক্ষিপ্ৰতাৰে কাম কৰি আঁচনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱস্থাপনা গ্ৰহণ কৰিবলৈ মই ইতিমধ্যেই সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্ৰদান কৰিছোঁ ৷