আজি কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত শৰীৰচৰ্চা আৰু প্ৰাতঃভ্ৰমণেৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত থাকোতে কেইবাবাৰো এই ডিফুলৈ আহিছিলোঁ। আজি সেই পুৰণি স্মৃতিবোৰ মনলৈ আহিছে, কাৰ্যকৰ্তা সকলক লগ পোৱাৰ কথাবোৰ মনত পৰিছে।

ডিফু চহৰ- প্ৰকৃতিৰ সুন্দৰতাৰে সমৃদ্ধ এখন চহৰ। চহৰৰ ওখ-চাপৰ বাটবোৰ, সেউজেৰে পৰিপূৰ্ণ চৌপাশৰ সৌন্দৰ্যৰ ৰূপে ইয়ালৈ অহা সকলোকে সদায় বিমোহিত কৰি ৰাখে। আজিৰ পুৱাটো এই পৰিৱেশৰ মাজত অতিবাহিত কৰি সুন্দৰৰ আত্মীয়তাৰে সমৃদ্ধ হ’লোঁ। ডিফুৰ এই বিনন্দীয়া পৰিৱেশে ৰাতিপুৱাটোক যেন নতুনকৈ জগালে। চহৰখনৰ ৰূপ-মাধুৰ্য্যই মনত অনন্য প্ৰশান্তি যোগালে।
আপোনাসৱৰ আজিৰ দিনটো শুভ আৰু মংগলময় হওঁক।





