গতিশীল, সংস্কাৰমুখী প্ৰশাসন গঢ় দিয়াৰ বাবে ডিফুত অনুষ্ঠিত কনফাৰেন্সৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সফল সমাপন
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধিত্বত কাৰ্বি আংলং জিলাৰ ডিফুত দুদিনীয়াকৈ অনুষ্ঠিত কনফাৰেন্সৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকোঁ ৷ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কেবিনেটৰ সন্মানীয় মন্ত্ৰীসকল, জিলা উপায়ুক্ত আৰু অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এই কনফাৰেন্সত উপস্থিত থাকি যথেষ্ট ভাল লাগিল ।
ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ সংশোধন কৰি প্ৰতিটো বিভাগৰে কাম-কাজ অধিক ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ লগতে ৰাজ্যৰ জনগণৰ প্ৰতি নিষ্ঠা আৰু সততাৰে নিজ দায়িত্ব পালন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে নিৰ্দেশ প্ৰদান কৰে । আমিও এই নতুন যাত্ৰাৰ বাবে উদ্যমেৰে সাজু হৈ নিজ দায়িত্ব তথা কৰ্তব্য সূচাৰুৰূপে কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ ৷