আপোনাসৱৰ আজিৰ দিনটো শুভ হওঁক আৰু মংগলময় হওঁক

দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বিং আংলং জিলা ভ্ৰমণ কৰি কালি গুৱাহাটীত উপস্থিত হৈ আজি পুৱা শৰীৰ চৰ্চা আৰু প্ৰাতঃভ্ৰমণেৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ।

আজি ২৪ আগষ্ট। আজিৰ দিনটোতেই ভাৰতীয় ৰাজনৈতিক জগতৰ পুৰোধা ব্যক্তি, বিশিষ্ট অৰ্থনীতিবিদ, আইনজ্ঞ, দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ চিৰনমস্য, জ্যেষ্ঠ নেতা অৰুণ জেটলি ডাঙৰীয়া স্বৰ্গগামী হৈছিল।May be an image of 1 person and text

এক বৰ্ণিল ৰাজনৈতিক অধ্যায় আমাৰ বাবে থৈ বিদায় লোৱা নেতা গৰাকীৰ বিচক্ষণতা, দূৰদৰ্শী চিন্তা তথা দেশৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখনক তেখেতৰ সুদক্ষ সেৱাৰে সম্ভ্ৰান্ত কৰি থৈ গৈছে।

ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক পৰিকাঠামোক সবল কৰাৰ ক্ষেত্ৰটো তেখেতৰ অৱদান অপৰিসীম।

আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ অপৰিসীম দেশ সেৱা তথা অৱদানে আমাক সদায় ৰাষ্ট্ৰ নিৰ্মাণৰ সেৱাৰ বাটত অফুৰন্ত সাহ দি আছে আৰু থাকিব।

আপোনাসৱৰ আজিৰ দিনটো শুভ হওঁক আৰু মংগলময় হওঁক