মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনালৈ শত- সহস্ৰ প্ৰণাম আৰু ভক্তিভৰা সেৱা জনাইছোঁ।

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ

জাকেৰি নাহিকে উপাম |

তোহাৰি চৰণে ৰেণু শত কৌটি

বাৰেক কৰোহোঁ প্ৰণাম ||

– মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱMay be an image of 2 people and people standing

অসমীয়া জাতীয় জীৱন আৰু অসমীয়া সাহিত্য সংস্কৃতিৰ এনে কোনো এটা দিশ আমি বিচাৰি নাপাওঁ য’ত মাধৱদেৱ গুৰুজনাৰ ভূমিকা সংপৃক্ত নাই। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰেই গুৰু মাধৱদেৱৰো অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত ভূমিকা অপৰিসীম।

অসমৰ সামাজিক, সাংস্কৃতিক জীৱনত নৱজাগৰণৰ সূচনাৰে কৃষ্ণভক্তিৰ অমৰ বাণী আৰু অমল আদৰ্শেৰে কাব্য, গীত, নাটৰ মাজেৰে সঞ্চাৰ কৰি অসমীয়া জাতিক স্বকীয় সম্ভ্ৰান্ত স্বাভিমান দি থৈ গৈছে মাধৱদেৱ গুৰুজনাই।

অসমীয়া সমাজ-সংস্কৃতি, বৈষ্ণৱ-উচ্ছাংগ সংগীত, সাহিত্য-ভাষাৰ বৰভেঁটি নিৰ্মাণ কৰোঁতা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনালৈ শত- সহস্ৰ প্ৰণাম আৰু ভক্তিভৰা সেৱা জনাইছোঁ।

আমাৰ উঠি অহা প্ৰজন্ম গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ মহীয়ান কৰক আই অসমীক।