সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আশা কৰিছোঁ, আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক ৷

পুৱাৰ দৈনন্দিন ৰুটিন হিচাবে আজিও প্ৰাতঃভ্ৰমণৰ লগতে শৰীৰ চৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ আৰু আজিৰ বিভিন্ন কাৰ্যসূচীৰ বাবে নিজকে প্ৰস্তুত কৰিছোঁ ৷
এই অভ্যাসে মোক সদায় সজীৱ কৰি ৰাখিছে আৰু প্ৰতিদিনেই ৰাইজৰ সেৱা কৰি যাবলৈ অফুৰন্ত শক্তি প্ৰদান কৰি আহিছে ৷ সেয়েহে পুৱাৰ এই সময়কণ মোৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷