#সুপ্ৰভাত , আজিৰ দিনটোতে দিনৰ প্ৰায় ১০ বজাৰ পৰা ৰাজ্যত ২,০০,০০০ তকৈ অধিক ঘৰত পানী যোগান সংযোগ স্থাপন হ’ব ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী হিচাবে আজিৰ দিনটো মোৰ কাৰণে এক অন্যতম দিন ৷ আজিৰ দিনটো সফলতাৰ দিন হিচাবে অৱধাৰিত বুলি এইকাৰণেই কৈছো কাৰণ আজিৰ দিনটোতে দিনৰ প্ৰায় ১০ বজাৰ পৰা ৰাজ্যত ২,০০,০০০ তকৈ অধিক ঘৰত পানী যোগান সংযোগ স্থাপন হ’ব ৷

পুৱাতেই ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ লৈ আহিছো ৷ আজি “জল জীৱন মিছন” ৰ অধীনত ৰাজ্যত ২,০০,০০০ তকৈ অধিক পৰিয়াললৈ খোৱা পানীৰ যোগান ধৰা হ’ব ৷ অসমৰ সকলো বিধান সভা সমষ্টিত মাননীয় মন্ত্ৰী/সাংসদ/বিধায়ক/মুখ্য কাৰ্যবাহী সদস্য/কাৰ্যবাহী সদস্যই এই আঁচনি সমূহৰ শুভ উদ্বোধন কৰিব৷May be an image of 1 person, standing and outdoors

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২০২৪ চনৰ ভিতৰত ঘৰে ঘৰে পানী যোগানৰ যি সপোন, সেই সপোনক সাকাৰ ৰূপ দিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত আছে আৰু অনাগত দিনটো থাকিব ৷

এইক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক অতিক্ৰম কৰাৰ বাবে “জল জীৱন মিছন” আঁচনিৰ সৈতে জড়িত সংশ্লিষ্ট সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷