“হৰি নাম কীৰ্তনৰ নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি
হৰিত শৰণ লৈয়া কেৱলে হৰিৰ নাম
কীৰ্তন কৰন্তে হোৱে সিদ্ধি”
আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামুগুৰিৰ ইতিহাসপ্ৰসিদ্ধ ৩০০ বছৰ পুৰণি ‘সাৰ্বজনীন গৰখীয়া থান’ দৰ্শন কৰি মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাওঁ। এই দৰ্শন কালত মোৰ সৈতে নগাঁওৰ বিধায়ক শ্ৰী ৰূপক শৰ্মা উপস্থিত থাকে ৷
আজিৰ এই থান দৰ্শন কৰাৰ পিছত আধ্যাত্মিক উপলব্ধিয়ে এক গভীৰ প্ৰশান্তি আনিছে মনত। ঈশ্বৰৰ আশীষ শিৰত লৈ অনাগত দিনত ৰাইজৰ স্বাৰ্থত নিঃস্বাৰ্থ সেৱা আগবঢ়াবলৈ মই বদ্ধপৰিকৰ। পৃথিৱীৰ প্ৰতিজন ব্যক্তিক মহাপ্ৰভুৱে কুশলে ৰাখক, সুমতি দিয়ক।
সকলোৰে মংগল কামনাৰে প্ৰাৰ্থনা জনালোঁ প্ৰভুৰ শ্ৰীচৰণত।