আজিৰ তাৰিখত সমগ্ৰ ৰাজ্যতে ২,০০,০০০ তকৈ অধিক পৰিয়ালৰ ঘৰত পানী যোগান সংযোগ স্থাপন কৰা হৈছে ৷ এইয়া আমাৰ বাবে এক বৃহৎ সফলতাপূৰ্ণ অভিলেখ ৷

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অভিলাষী আঁচনি ‘জল জীৱন মিছন’ ৰ শুভাৰম্ভ কৰোঁ, অভিলেখ স্থাপন কৰি ৰাজ্যত আজি ২,০০,০০০ তকৈ অধিক পৰিয়াললৈ খোৱা পানীৰ সংযোগ

আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত ‘জল জীৱন মিছন’ৰ অধীনত বঢ়মপুৰ বামুনী ৰোড, বেজৰচুক, নেধাৰগাঁওত এটি পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰি মই অতিকৈ আনন্দিত হৈছোঁ ৷ আজিৰ দিনটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ বাবে এক বিশেষ দিন ৷ কিয়নো তেওঁলোকৰ অহোপুৰুষাৰ্থৰ বাবেই আজি আমি এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷

আজিৰ তাৰিখত সমগ্ৰ ৰাজ্যতে ২,০০,০০০ তকৈ অধিক পৰিয়ালৰ ঘৰত পানী যোগান সংযোগ স্থাপন কৰা হৈছে ৷ এইয়া আমাৰ বাবে এক বৃহৎ সফলতাপূৰ্ণ অভিলেখ ৷May be an image of 1 person and indoor

২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিঘৰ পৰিয়ালে খোৱা পানীৰ সংযোগ লাভ কৰাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক বাস্তৱ ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাৰ চেষ্টা আমি অব্যাহত ৰাখিছো ৷ যাৰ ফলশ্ৰুতিত যোৱা জুলাই মাহতকৈ এই আগষ্ট মাহত আমি নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক পানীৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব May be an image of 6 people, people standing and outdoorsশৰ্মা ডাঙৰীয়াক তেখেতৰ দিহা-পৰামৰ্শ তথা সহযোগিতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ‘জল জীৱন মিছন’ আঁচনি সৈতে জড়িত সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷