চন্দ্ৰপুৰৰ তাতিমাৰাত “মাল্টি ভিলেজ আঁচনি”ৰ স্থান পৰিদৰ্শন কৰি অহা মাঘবিহুৰ আগে আগে ১০,০০০ পৰিয়ালক খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ নিশ্চিতি প্ৰদান কৰোঁ
এই প্ৰকল্পটোৰ জৰিয়তে ১২,০০০ পৰিয়াললৈ খোৱা পানীৰ যোগানৰ লক্ষ্য আছিল যদিও বিভিন্ন কাৰিকৰী বিজুতিৰ ফলত কেৱল ৪,৫০০ পৰিয়ালকহে পানীৰ সংযোগ প্ৰদান কৰি অহা হৈছিল ৷
আজি এই মাল্টি ভিলেজ আঁচনিৰ স্থান পৰিদৰ্শন কৰোঁ আৰু বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰি অতি ক্ষিপ্ৰতাৰে আঁচনিখনৰ কাৰ্যকৰীকৰণ কৰিবলৈ তেওঁলোকক নিৰ্দেশ প্ৰদান কৰোঁ ৷
আগন্তুক মাঘবিহুৰ আগতেই এই আঁচনিখনৰ যোগেদি ১০,০০০ পৰিয়ালক খোৱা পানী যোগান ধৰিবলৈ আজি আমি সংকল্প লৈছোঁ ৷ পৰৱৰ্তী সময়ত থাকি যোৱা ২,০০০ পৰিয়ালক পানী সংযোগ দিবলৈ আমি যাৱতীয় প্ৰস্তুতি চলাই আছোঁ ৷
এই পৰিদৰ্শন কালত মোৰ সৈতে কামৰূপ জিলা উপায়ুক্ত, মুখ্য অভিযন্তা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পঞ্চায়তৰ সভাপতি তথা সভানেত্ৰী উপস্থিত থাকে ৷