মাঘবিহুৰ আগে পিছে প্ৰথম পৰ্যায়ত প্ৰায় ৮,০০০ পৰিয়াললৈ খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ সংকল্প লৈছোঁ ৷

ডিমৰীয়া জনস্বাস্থ্য বিভাগৰ ‘মাল্টি ভিলেজ আঁচনি’ৰ স্থান পৰিদৰ্শন কৰি মাঘবিহুৰ আগে পিছে প্ৰথম পৰ্যায়ত ৮,০০০ পৰিয়ালক খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ সংকল্প লওঁ

এই আঁচনিৰ জৰিয়তে মুঠ ২৮,০০০ পৰিয়ালক খোৱা পানী সংযোগ প্ৰদান কৰাৰ কথা আছিল যদিও বন বিভাগৰ সৈতে মাটিৰ সন্দৰ্ভত কিছু আঁসোৱাহ থকাৰ বাবে এই আঁচনিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু বিলম্ব হৈছিল ৷

আজি এই আঁচনিৰ স্থান পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰোঁ আৰু আঁচনিখনৰ কামৰ অগ্ৰগতিৰ বুজ লওঁ ৷ এই আঁচনিখনৰ জৰিয়তে আগন্তুক মাঘবিহুৰ আগে পিছে প্ৰথম পৰ্যায়ত প্ৰায় ৮,০০০ পৰিয়াললৈ খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ সংকল্প লৈছোঁ ৷ বাকী ৰৈ যোৱা পৰিয়াল সমূহৰ বাবে আমি পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিম ৷

এই পৰিদৰ্শন কালত মোৰ সৈতে কামৰূপ জিলা উপায়ুক্ত, মুখ্য অভিযন্তা, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া আৰু পঞ্চায়ত সভাপতি তথা সভানেত্ৰী উপস্থিত থাকে ৷