নবীনক মৰম আৰু প্ৰবীণক সন্মান, এই নীতি দল আৰু চৰকাৰত সদায় বিৰাজমান হৈ থাকক তাৰেই কামনা কৰিছোঁ

নবীনক মৰম আৰু প্ৰবীণক সন্মান, এই নীতি দল আৰু চৰকাৰত সদায় বিৰাজমান হৈ থাকক তাৰেই কামনা কৰিছোঁ

অসম চৰকাৰৰ State Inovation and Transformation Ayog ৰ উপাধ্যক্ষ হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰা ৰমেন ডেকাক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

মাননীয় ৰমেন ডেকা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিল ৷ এই গৰাকী ব্যক্তিৰ নেতৃত্বতে মই প্ৰথমবাৰৰ কাৰণে কিষাণ মৰ্চাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি সুকলমে পাৰ কৰিছিলো ৷ তেখেত ৰাজ্যিক সভাপতি হোৱাৰ উপৰিও দুবাৰকৈ মঙ্গলদৈ সমষ্টিৰ সাংসদ হোৱাৰ পিছত মই ব্যক্তিগত ভাৱে আৰু বহু কিবা কিবি আশা কৰিছিলো ৷ এতিয়া তেখেতক SITA ৰ দায়িত্ব দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটোৱেই আমাৰ নীতি যে মই ৰাজ্যিক সভাপতিৰ দায়িত্বত থকাৰ সময়ত যিটো কথা প্ৰায়েই কৈ আহিছিলো প্ৰবীণক সন্মান আৰু নবীনক মৰম ৷ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ সেই অনুভৱ খিনিৰ দৰেই ৰমেন ডেকা ডাঙৰীয়াৰ ক্ষেত্ৰত সাৰোগত কৰিছে বুলি ভাবিছো ৷ সেয়েহে আজি মই এক অনন্য আনন্দ অনুভৱ কৰিছোঁ ৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল ৰমেন ডেকা ডাঙৰীয়াকে নহয় আমাৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াকো কেবিনেট পৰ্যায়ৰ দায়িত্ব দি চৰকাৰৰ অংশীদাৰ কৰিছে ৷