অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা দেৱৰ ৮৫ সংখ্যক জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠান, ২০২১-২২’ ত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ

অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা দেৱৰ ৮৫ সংখ্যক জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠান, ২০২১-২২’ ত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ

১৯৬৬ চনত বেংকতত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা দেৱে ৷ আজি তেখেতৰ নিজ মুখেৰেই শুনিলো সেই গৌৰৱপূৰ্ণ দিনটোৰ বিষয়ে ৷ লগতে ১৯৬৪ চনৰ পৰা তেওঁ কেনেদৰে সংগ্ৰাম কৰি এই লক্ষ্যত উপনীত হৈছিল সেই সংগ্ৰাম কাহিনী শুনি মই আপ্লুত হ’লো ৷May be an image of 2 people and people standing

আজি তেখেতৰ ৮৫ সংখ্যক জন্মদিন উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা ‘ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠান, ২০২১-২২’ ত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আজি ৰাজ্যৰ ২৫২ জন ক্ৰীড়াবিদলৈ ক্ৰীড়া পেঞ্চন হিচাবে এককালীন বিত্তীয় বঁটা আগবঢ়োৱা হয় ৷ এই পেঞ্চনে ক্ৰীড়াবিদ সকলক কিছু পৰিমাণে আৰ্থিক ভাৱে সহায় কৰাৰ লগতে নতুন প্ৰজন্মক ক্ৰীড়াৰ সৈতে জড়িত হ’বলৈ অনুপ্ৰেৰণা যোগাব বুলি মোৰ দৃঢ়বিশ্বাস ৷

আজিৰ এই অনুষ্ঠানত মহামহিম ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে প্ৰমুখ্য কৰি মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকল, বিধায়কসকল আৰু খেলুৱৈ সকল উপস্থিত থাকে ৷