এনে মহামিলন কেৱল বিজেপি দলতহে সম্ভৱ হয়
ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভবেশ কলিতা ডাঙৰীয়াৰ লগত তিনিগৰাকী প্ৰাক্তন ৰাজ্যিক সভাপতিৰ এক বিশেষ ক্ষণত আমাৰ আজি মিলন হৈছিল। এনেকৈ আটাইৰে সংযোগ তথা মিলনৰ মাজেৰে সাক্ষাৎ লভি আনন্দিত হৈছোঁ।
এনে মহামিলন কেৱল বিজেপি দলতহে সম্ভৱ হয়। ইয়াৰ পূৰ্বতে মই যিদিনা সভাপতিৰ দায়িত্ব লৈছিলোঁ সেইদিনাও প্ৰাক্তন সভাপতি সকলৰ সংগ লাভ কৰিছিলোঁ আৰু আজি দ্বিতীয়বাৰৰ বাবে এনেকৈ সেই ক্ষণ পুনৰাই পায় আপ্লুত হৈছোঁ।
এই জ্যেষ্ঠ-কণিষ্ঠ-সতীৰ্থৰ মহামিলনেৰে অভিজ্ঞতা আৰু উদ্যমক সামৰি সমূহৰ সেৱাৰ বাবে আন্তৰিকতাৰে আগবঢ়া সম্ভৱ আমাৰ দলত। অৱশ্যে অন্য দলৰ কথা মই অৱগত নহয় ।