আজি মোৰ পৰম পূজনীয় পিতৃ স্বৰ্গীয় অৰবিন্দ দাসৰ মৃত্যুবাৰ্ষিকী ৷ আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত মই শতসহস্ৰ প্ৰণাম জনাইছোঁ ৷
আজি এই কথাখিনি আপোনালোকক মই অৱগত নকৰিলোহেঁতেন যদিহে তেওঁ জীৱিত থাকিলহেঁতেন ৷ এই কথাখিনি এইকাৰণেই ক’বলৈ ওলাইছো যে মই বিধায়ক হোৱাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অৰিহণা আছিলে ৷ সেইটো হৈছে মই যেতিয়া ভাৰত চৰকাৰৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়ৰ বিষয়া আছিলো তেতিয়া ১৯৯৫ চনৰ পৰা ২০০৪ চনলৈ ভাৰতীয় তথ্য সেৱাৰ বিষয়া আছিলো ৷ কিন্তু তাৰেই পূৰ্বতে মই ১৯৯২ চনতেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলো ৷
কিন্তু যেতিয়া মই ভাৰত চৰকাৰৰ বিষয়া হিচাবে কৰ্মৰত আছিলো তেতিয়াও মই পাৰ্টিৰ এজন সক্ৰিয় কাৰ্যকৰ্তা আছিলোঁ ৷ বৰঞ্চ মই সেইসময়ত বৰপেটাৰোড মণ্ডল কমিটিৰ উপ-সভাপতি আছিলো ৷ ২০০৪ চনত এনেকুৱা এটা সন্ধিক্ষণ আহিছিলে যে মই যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ ১৯৯১ চনৰে সদস্য কিন্তু ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে চাকৰি কৰি আছিলো আৰু চাকৰি কৰি থাকোতে মই ২০০৪ চনৰ আগতে প্ৰায় ২০০৩ চনত চাকৰিৰ পৰা ১ মাহৰ চুটিত থাকোতে বৰপেটাৰোডৰ এখন সভা সঞ্চালন কৰিছিলো ৷ সেই সভা সঞ্চালন শেষ কৰাৰ পিছত মাননীয় ইন্দ্ৰমণি বৰা ডাঙৰীয়াই আমাৰ প্ৰমোদ মহাজন ডাঙৰীয়াক কৈছিলে এই ল’ৰাজন ১৯৯১ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য তেওঁ চুটিত আহি দলৰ মিটিং সঞ্চালন কৰি আছে ৷ তেতিয়াই প্ৰমোদ মহাজন ডাঙৰীয়াই মোক কৈছিল যে তুমি দুটা কাম একেলগে কৰিব নালাগে যিকোনো এটা কৰা ৷ হয় চাকৰি কৰিলে ভালদৰে চাকৰি কৰা নহ’লে ভালদৰে ৰাজনীতি কৰা ৷ মই তৎকালীন ভাৱে কৈছিলো আপুনি যিটোকে কৰিবলৈ কয় সেইটোকে কৰিম ৷ তেওঁ মোক তেতিয়া সুধিছিলে তুম ইলেকচন খেলেগা ক্যা ? মই কৈছিলো হাম ইলেকচন নেহি খেলেংগে ৷ অগৰ আপলোগ ইলেকচন মে লড়ায়েগা তৌ জৰুৰ লড়েংগে ৷ তেতিয়া প্ৰমোদ মহাজন ডাঙৰীয়াই ইন্দ্ৰমণি বৰা ডাঙৰীয়াক কৈছিল যে তেওঁৰ দেউতাকৰ লগত কথা পাতি মোক জনাওক ৷ পৰৱৰ্তী দিনা ইন্দ্ৰমণি বৰা ডাঙৰীয়াই বৰপেটাৰোডৰ টুৰিষ্ট ল’জত থাকোঁতে মোৰ দেউতাক সুধিছিলে যে আপোনাৰ ল’ৰাটো দলত যিহেতু আগৰ পৰাই আছে এতিয়া আমি তেওঁক অধিক সক্ৰিয় কৰিব বিচাৰিছোঁ ৷ দেউতাই কৈছিলে সি যদি বিধায়ক হোৱাৰ বাবে ভাৰত চৰকাৰৰ এছিচটেন্ট ডাইৰেক্টৰ লেভেলৰ পদ এৰে তেতিয়া মোৰ আপত্তি আছে কিন্তু যদি সম্পূৰ্ণ দেশৰ হকে, জাতিৰ হকে তথা জনগণৰ হকে কাম কৰিম বুলি ভাবি তেতিয়া মোৰ আপত্তি নাই ৷ মই যিহেতু বৰপেটাৰোডৰ প্ৰথম ক্লাছ ১ কন্ট্ৰেক্টৰ, প্ৰথম মোৰ কোৱেৰি আছিল, প্ৰথম মোৰ ধানৰ মিল আছিল, প্ৰথম আমাৰ বাছ আছিল ৷ গতিকে টকা পইছাৰ আমাৰ কোনে সমস্যা নাই ৷ কিন্তু তেওঁ বিধায়ক হ’ম বুলি চাকৰি এৰিব নালাগে ৷ তেওঁ যদি দেশ আৰু জাতিৰ কাৰণে কাম কৰিম বুলি ভাৱে তেতিয়া মোৰ কোনো আপত্তি নাই তেওঁ চাকৰিটো এৰিব পাৰে ৷ তেতিয়া বৰা ডাঙৰীয়াই কিয় বুলি সোধা প্ৰশ্নৰ উত্তৰত দেউতাই কৈছিল যে যদি বিধায়ক হ’ব নোৱাৰে তেওঁ মনত দুখ পাব ৷ গতিকে বিধায়ক হ’ম বুলি ভাবি চাকৰি এৰাতকৈ নকৰাই ভাল ৷ তেতিয়া বৰা ডাঙৰীয়াই মোক মাতি নি কৈছিল তোমাৰ দেউতাই যিআষাৰ কথা ক’লে খুব ডাঙৰ কথা এষাৰ ক’লে ৷ তেতিয়া মই বৰা ডাঙৰীয়াক কৈছিলো মোৰো সেই একেই কথা ৷ দেউতাই যেতিয়া অনুমতি দিছে আশীৰ্বাদ দিছে মই বিধায়ক হ’ম বুলি নহয় দেশ, জাতি তথা জনগণৰ সেৱাৰ বাবে চাকৰি এৰিম ৷ সেই একেই কথাকে বৰা ডাঙৰীয়াই মোৰ পত্নীকো সুধিছিল তেওঁৱো একেই উত্তৰ দিলে ৷
কিন্তু যেতিয়া মই ভাৰত চৰকাৰৰ বিষয়া হিচাবে কৰ্মৰত আছিলো তেতিয়াও মই পাৰ্টিৰ এজন সক্ৰিয় কাৰ্যকৰ্তা আছিলোঁ ৷ বৰঞ্চ মই সেইসময়ত বৰপেটাৰোড মণ্ডল কমিটিৰ উপ-সভাপতি আছিলো ৷ ২০০৪ চনত এনেকুৱা এটা সন্ধিক্ষণ আহিছিলে যে মই যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ ১৯৯১ চনৰে সদস্য কিন্তু ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে চাকৰি কৰি আছিলো আৰু চাকৰি কৰি থাকোতে মই ২০০৪ চনৰ আগতে প্ৰায় ২০০৩ চনত চাকৰিৰ পৰা ১ মাহৰ চুটিত থাকোতে বৰপেটাৰোডৰ এখন সভা সঞ্চালন কৰিছিলো ৷ সেই সভা সঞ্চালন শেষ কৰাৰ পিছত মাননীয় ইন্দ্ৰমণি বৰা ডাঙৰীয়াই আমাৰ প্ৰমোদ মহাজন ডাঙৰীয়াক কৈছিলে এই ল’ৰাজন ১৯৯১ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য তেওঁ চুটিত আহি দলৰ মিটিং সঞ্চালন কৰি আছে ৷ তেতিয়াই প্ৰমোদ মহাজন ডাঙৰীয়াই মোক কৈছিল যে তুমি দুটা কাম একেলগে কৰিব নালাগে যিকোনো এটা কৰা ৷ হয় চাকৰি কৰিলে ভালদৰে চাকৰি কৰা নহ’লে ভালদৰে ৰাজনীতি কৰা ৷ মই তৎকালীন ভাৱে কৈছিলো আপুনি যিটোকে কৰিবলৈ কয় সেইটোকে কৰিম ৷ তেওঁ মোক তেতিয়া সুধিছিলে তুম ইলেকচন খেলেগা ক্যা ? মই কৈছিলো হাম ইলেকচন নেহি খেলেংগে ৷ অগৰ আপলোগ ইলেকচন মে লড়ায়েগা তৌ জৰুৰ লড়েংগে ৷ তেতিয়া প্ৰমোদ মহাজন ডাঙৰীয়াই ইন্দ্ৰমণি বৰা ডাঙৰীয়াক কৈছিল যে তেওঁৰ দেউতাকৰ লগত কথা পাতি মোক জনাওক ৷ পৰৱৰ্তী দিনা ইন্দ্ৰমণি বৰা ডাঙৰীয়াই বৰপেটাৰোডৰ টুৰিষ্ট ল’জত থাকোঁতে মোৰ দেউতাক সুধিছিলে যে আপোনাৰ ল’ৰাটো দলত যিহেতু আগৰ পৰাই আছে এতিয়া আমি তেওঁক অধিক সক্ৰিয় কৰিব বিচাৰিছোঁ ৷ দেউতাই কৈছিলে সি যদি বিধায়ক হোৱাৰ বাবে ভাৰত চৰকাৰৰ এছিচটেন্ট ডাইৰেক্টৰ লেভেলৰ পদ এৰে তেতিয়া মোৰ আপত্তি আছে কিন্তু যদি সম্পূৰ্ণ দেশৰ হকে, জাতিৰ হকে তথা জনগণৰ হকে কাম কৰিম বুলি ভাবি তেতিয়া মোৰ আপত্তি নাই ৷ মই যিহেতু বৰপেটাৰোডৰ প্ৰথম ক্লাছ ১ কন্ট্ৰেক্টৰ, প্ৰথম মোৰ কোৱেৰি আছিল, প্ৰথম মোৰ ধানৰ মিল আছিল, প্ৰথম আমাৰ বাছ আছিল ৷ গতিকে টকা পইছাৰ আমাৰ কোনে সমস্যা নাই ৷ কিন্তু তেওঁ বিধায়ক হ’ম বুলি চাকৰি এৰিব নালাগে ৷ তেওঁ যদি দেশ আৰু জাতিৰ কাৰণে কাম কৰিম বুলি ভাৱে তেতিয়া মোৰ কোনো আপত্তি নাই তেওঁ চাকৰিটো এৰিব পাৰে ৷ তেতিয়া বৰা ডাঙৰীয়াই কিয় বুলি সোধা প্ৰশ্নৰ উত্তৰত দেউতাই কৈছিল যে যদি বিধায়ক হ’ব নোৱাৰে তেওঁ মনত দুখ পাব ৷ গতিকে বিধায়ক হ’ম বুলি ভাবি চাকৰি এৰাতকৈ নকৰাই ভাল ৷ তেতিয়া বৰা ডাঙৰীয়াই মোক মাতি নি কৈছিল তোমাৰ দেউতাই যিআষাৰ কথা ক’লে খুব ডাঙৰ কথা এষাৰ ক’লে ৷ তেতিয়া মই বৰা ডাঙৰীয়াক কৈছিলো মোৰো সেই একেই কথা ৷ দেউতাই যেতিয়া অনুমতি দিছে আশীৰ্বাদ দিছে মই বিধায়ক হ’ম বুলি নহয় দেশ, জাতি তথা জনগণৰ সেৱাৰ বাবে চাকৰি এৰিম ৷ সেই একেই কথাকে বৰা ডাঙৰীয়াই মোৰ পত্নীকো সুধিছিল তেওঁৱো একেই উত্তৰ দিলে ৷ঠিক এইদৰেই মই আজি আপোনালোকৰ সেৱা কৰাৰ সুযোগ পাইছো ৷ আপোনালোক বিচাৰিলে মই সেৱা আগবঢ়াই যাম আৰু যদি নিবিচাৰে তেতিয়া মই ভাৰতীয় জনতা পাৰ্টিৰ বুথৰ এজন কাৰ্যকৰ্তা হিচাবে দলৰ সেৱা আগবঢ়াই যাম ৷




