আজি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথি উপলক্ষে তেৰাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনাইছোঁ।

“শ্ৰীমন্ত শংকৰ হৰি ভকতৰ

জানা যেন কল্পতৰু।

তাহান্ত বিনাই নাহি নাহি নাহি

আমাৰ পৰম গুৰু।।”

আজি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথি উপলক্ষে তেৰাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনাইছোঁ।May be an image of 1 person and text

জগতগুৰু ১০১ টা কলাৰ অধিকাৰী, একাধাৰে তেওঁ সংগীতজ্ঞ, সাহিত্যিক, সমাজ সংস্কাৰক, অসমীয়া জাতীয় জীৱনৰ বৰভেঁটি নিৰ্মাতা তথা প্ৰথম নাট ৰচিয়তা তথা নাট্যকাৰ।

আপোনাসৱক জনাব খোজো যে আমি বহুজনে William Shakespeare ক জানো কিন্তু ক’ৰবাত আজিও বিশ্বৰ দৰবাৰত গুৰুজনাৰ অৱদান কীৰ্তি সমূহক আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, ১৪৬৮ খ্ৰীষ্টাব্দত গুৰুজনাই প্ৰথমখন নাট “চিহ্নযাত্ৰা” ৰচনা কৰিছিল বুলি আমি জানিব পাৰো আনহাতে সঠিক তথ্য নাথাকিলেও বিভিন্ন উৎসৰ পৰা আমি জানিব পাৰিছোঁ যে William Shakespeare য়ে আনুমানিক ১৫৯২ খ্ৰীষ্টাব্দত তেওঁৰ প্ৰথমখন নাট ৰচনা কৰিছিল।

কিন্তু অতি পৰিতাপৰ কথা যে অসমীয়া একাংশ নতুন প্ৰজন্মই বিশ্বৰ প্ৰথমজন নাটক ৰচোঁতা কোন বুলি সুধিলে অধ্যয়ণ নথকাৰ বাবেই অথবা সঠিক তথ্যৰ জ্ঞাত নোহোৱাৰ বাবে William Shakespeare ৰ নাম কয়। আনহাতে আনুষ্ঠানিক শিক্ষা নথকা গুৰুজনাৰ পৰম শিষ্য সকলে অতি আত্মবিশ্বাসেৰে গুৰুজনাৰ “চিহ্নযাত্ৰা”ৰ কথা উল্লেখ কৰে।

অতি মন কৰিবলগীয়া কথা যে বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যই গুৰুজনাৰ চিহ্নযাত্ৰা নাটেই বিশ্বৰ প্ৰথম নাট বুলি প্ৰমাণ কৰে।

গুৰুজনাৰ সৃষ্টি, অৱদানৰ পৰিসৰ বহল, তেৰাৰ কীৰ্তি আৰু অতুলনীয় কৰ্মৰাজীৰ ওপৰত আমাৰ নতুন প্ৰজন্মই অধিক গৱেষণাৰে অধ্যয়ণ কৰি গুৰুজনাৰ কীৰ্তিক বিশ্বৰ বুকুত শক্তিশালী ভাৱে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব আগ্ৰহেৰে গ্ৰহণ কৰিবলৈ আজিৰ দিনটোত আহ্বান জনাইছোঁ।