অসমীয়াৰ হিয়াৰ আমঠু, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ আজি ৯৫ সংখ্যক জন্মদিৱস উপলক্ষে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷

‘মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’…

অসমীয়াৰ হিয়াৰ আমঠু, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ আজি ৯৫ সংখ্যক জন্মদিৱস উপলক্ষে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷

মানৱীয় প্ৰমূল্যবোধৰ মহান দৃষ্টিভংগীৰে বহুতো কালজয়ী গীতৰ সৃষ্টিৰে গণশিল্পী গৰাকীয়ে অসমৰ প্ৰতিটো স্তৰৰ মানুহক সংগঠিত কৰি এখন ঐক্যবদ্ধ সমাজ গঢ়াৰ সপোন দেখিছিল ৷ তেখেতৰ আদৰ্শ আৰু অমূল্য সৃষ্টিৰাজিয়ে সমগ্ৰ অসমীয়া জাতিক সদায়েই উদ্বুদ্ধ কৰি ৰাখিব ৷

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মোৰ সৈতে সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত আৰু যোগেন মহন উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷