ভক্তপ্ৰাণ ৰাইজৰ সৈতে আধ্যাত্মিক পৰিৱেশত হৰিনামৰ ধ্বনিৰ মাজত সময়খিনি অতিবাহিত কৰি যথেষ্ট আহ্লাদিত হৈছোঁ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমীয়া সমাজ জীৱনলৈ অন্যতম অৱদান হৈছে- সত্ৰ আৰু নামঘৰ। অসমীয়া সমাজ জীৱনত সত্ৰ-নামঘৰৰ অপৰিসীম ভূমিকা আৰু প্ৰভাৱৰ বিষয়ে প্ৰতিজন অসমীয়াই জ্ঞাত।

আজি জগতগুৰুৰ পুণ্য তিৰোভাৱ তিথিৰ উপলক্ষে কেইবাখনো পবিত্ৰ সত্ৰ আৰু নামঘৰ দৰ্শন কৰোঁ ৷

মই আজি দৰ্শন কৰা সত্ৰ আৰু নামঘৰ সমূহ –

⏺️ গোপাল দেৱ আতা সত্ৰ, কুণ্ডোপাৰা

⏺️ বামাখাটা সত্ৰ

⏺️ গোবিন্দ ভৱন গীতা সত্ৰ

⏺️ বনগাঁও নামঘৰ

⏺️ সিদ্ধপুৰ সত্ৰ, জালিখাটা

পবিত্ৰ সত্ৰ আৰু নামঘৰত উপস্থিত হৈ উদযাপিত হৈ থকা গুৰুজনাৰ তিৰোভাৱ তিথিত ভক্তপ্ৰাণ ৰাইজৰ সৈতে ভক্তিভৰা সেৱা আগবঢ়াওঁ। ভক্তপ্ৰাণ ৰাইজৰ সৈতে আধ্যাত্মিক পৰিৱেশত হৰিনামৰ ধ্বনিৰ মাজত সময়খিনি অতিবাহিত কৰি যথেষ্ট আহ্লাদিত হৈছোঁ।