সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোকৰ আজিৰ দিনটোৰ শুভ তথা মংগল হোৱাৰ কামনা কৰিছোঁ।

#সুপ্ৰভাত#GoodMorning

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোকৰ আজিৰ দিনটোৰ শুভ তথা মংগল হোৱাৰ কামনা কৰিছোঁ।May be an image of 2 people and text

মই খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাবে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে ইতিমধ্যে ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ ৰ কাম আমাৰ ৰাজ্যত আৰম্ভ হৈছে। যিসকল হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক কৰা হৈছে তেওঁলোকে ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ ৰ বিনামূলীয়া কাৰ্ড লাভ কৰিব পাৰিব। কিন্তু, মই শুনিবলৈ পাইছোঁ যে এই প্ৰক্ৰিয়াত দুই ধৰণৰ দালাল ইতিমধ্যে নামি পৰিছে। প্ৰথম পৰ্যায়ৰ দালালবোৰ এনেধৰণৰ যিয়ে ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ ত চাকৰি ওলাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি বহু লোকক প্ৰলোভন দিয়া মোৰ দৃষ্টিগোচৰ হৈছে। এইখিনিতে, আপোনালোকক জনাই থওঁ যে যিটো কোম্পানীয়ে এই আঁচনিৰ আৰম্ভ কৰিছে, সেই কোম্পানীটোৱে অনলাইনত ১০০ গৰাকী কাৰিকৰী ব্যক্তিক নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এয়া অনলাইন প্ৰক্ৰিয়াৰেই কাৰ্যকৰী কৰা হ’ব। ইয়াত কোনোধৰণৰ দালালৰ মতামত গ্ৰহণৰ প্ৰয়োজন নাই। এইক্ষেত্ৰত যিসকল প্ৰয়োজনীয় ব্যক্তি, তেখেতসকলক ঠিকাদাৰে বিভিন্ন অনুষ্ঠানত নিয়োগ কৰিব। গতিকে, এনেক্ষেত্ৰত কোনো দালালে যদিহে মিছা প্ৰলোভনেৰে ৰাইজক চাকৰি প্ৰদানৰ আশ্বাস দিয়ে তেতিয়াহ’লে শীঘ্ৰেই ৰাইজে আৰক্ষীৰ সৈতে যোগাযোগ কৰক।

আনহাতে, দ্বিতীয় পৰ্যায়ৰ দালালবোৰ এনেধৰণৰ যিয়ে দুখীয়া লোকসকলৰ ঘৰে ঘৰে গৈ ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ ৰ জৰিয়তে নতুন ৰেচন কাৰ্ড পাবলৈ টকাৰ প্ৰয়োজন হ’ব বুলি ৰাইজৰ পৰা টকা সৰকাইছে । বৰ্তমানলৈকে দুই চাৰি ঠাইত এই কাৰ্য সংঘটিত হৈছে বুলি মই শুনিছোঁ তথা মোৰ দৃষ্টিগোচৰ হৈছে।

মই ৰাইজলৈ আহ্বান জনাইছোঁ যাতে তেওঁলোকে ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ ৰ বাবদ নিজা টকা খৰচ নকৰে। এনে ঠগ-প্ৰৱঞ্চক তথা দালালৰ মুখামুখি হ’লে আপোনালোক স্থানীয় আৰক্ষীৰ কাষ চাপক।