গোৱৰ্ধনা সত্ৰত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়াৰ স্থায়ী সমাধানৰ পৰ্যালোচনা বৈঠক 
সৰভোগ সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধনা সত্ৰৰ নৈ পৰীয়া অঞ্চলত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়া ৰোধৰ পৰ্যালোচনা কৰাৰ বাবে আজি মানসত অনুষ্ঠিত হোৱা এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ ৷ এই বৈঠকত মোৰ সৈতে জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ লগতে বাক্সা জিলাৰ প্ৰশাসনিক বিষয়া সকল উপস্থিত থাকে ৷
আজিৰ এই বৈঠকত সত্ৰৰ নৈপৰীয়া অঞ্চলৰ খহনীয়া ৰোধৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰি সত্ৰখনিৰ পুনৰুদ্ধাৰ কৰাৰ বাবে বিশদভাৱে আলোচনা কৰোঁ ৷ ইয়াৰ সমান্তৰালকৈ, অঞ্চলবাসীয়ে খহনীয়াৰ ফলত সন্মুখীন হোৱা সমস্যাসমূহৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ মই নিৰ্দেশ প্ৰদান কৰোঁ।
Decided on a permanent solution for the erosion caused by Beki river near Govardhan Satra, in a review meeting with CE of Water Resource Dept. & admin. officials of Baksa Dist.
Advised for quick resolve of the issue to preserve the Satra & alleviate local people’s problems.