স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনানী তথা অসমৰ সাংস্কৃতিক জগতৰ প্ৰবাদপুৰুষ, ভ্ৰাম্যমাণ নাটকৰ জনক, অসমত সহ-অভিনয়ৰ বাটকটীয়া, অভিনেতা, নাট্যকাৰ অভিনয়াচাৰ্য্য ব্ৰজনাথ শৰ্মা দেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।
বৰ্তমানৰ বৰপেটা জিলাৰ শিলা গাঁৱত জন্মগ্ৰহণ কৰা নাট্টাচাৰ্য্য ব্ৰজনাথ শৰ্মা দেৱে ৰক্ষণশীল সমাজখনৰ প্ৰত্যাহ্বান নেওচি অসমীয়া শিল্প-সংস্কৃতিক আগুৱাই নিবলৈ চেষ্টা কৰাই নহয়, তেখেতে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত সৰভোগৰ বেঁকী নৈৰ পাৰত থকা ব্ৰিটিছৰ সামৰিক ঘাটি নিশাৰ ভিতৰতে জ্বলাই দি ইংৰাজৰ অহংকাৰক আৰু প্ৰভুত্বক ক্ষন্তেকতে তচ-নচ কৰি পেলাইছিল।
তেখেতৰ ভূমিকা আমাৰ সমাজৰ এক স্বৰ্ণিল অধ্যায়। তেখেতেই প্ৰথমে গাঁৱে-ভূঞে ফুৰি নাটক মঞ্চস্থ কৰাৰ প্ৰথা আৰম্ভ কৰিছিল। এই প্ৰথায়েই কালক্ৰমত অসমৰ অদ্বিতীয় ‘ভ্ৰাম্যমান থিয়েটাৰ’ত পৰিণত হৈছে।
বিগত বছৰত এইগৰাকী সৈনিক শিল্পীৰ স্মৃতিত সৰভোগ সমষ্টিত এটি প্ৰতিমূৰ্তিৰ লগতে ব্ৰজসদন স্থাপন কৰি মই নিজকে পৰম সৌভাগ্যৱান বুলি ভাবোঁ। ব্ৰজনাথ শৰ্মা দেৱে যুগান্তকাৰী ইতিহাসৰ সৃষ্টি কৰি গৈছে, তেওঁৰ আদৰ্শ চিৰযুগমীয়া হৈ ৰ’ব।